গৃহমন্ত্রী অমিত শ্বাহে আজি স্বাধীনতা সংগ্রামী লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীশ্বাহে কয়, যে জয় প্রকাশ নাৰায়ণে সেই সময়ৰ দেশৰ যুৱ প্ৰজন্মক স্বৰাজ সংগ্ৰামৰ সৈতে সংযুক্ত কৰি দেশে স্বাধীনতা লাভ কৰাৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁ লগতে কয়, যে তেতিয়াৰ গ্ৰামীণ ভাৰতখন সৱল কৰি তোলা তথা গণতন্ত্ৰক ৰক্ষণাবেক্ষণ দিয়াৰ বিষয়ত নাৰায়ণৰ ভূমিকা লেখত ল’বলগীয়া। লোকনায়কজনে নিজৰ সম্পূৰ্ণ ক্ৰান্তিৰ শ্লোগানৰ জৰিয়তে সেই সময়ৰ দেশৰ শাসনৰ দায়িত্বত থকা বৃটিছ চৰকাৰে আগবঢ়োৱা জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা সুঁৱৰি শ্ৰীশ্বাহে এইজন স্বাধীনতা সেনানী প্রতিজন দেশপ্ৰেমীৰ বাবে প্ৰেৰণা হৈ ৰ’ব বুলিও উল্লেখ কৰে।
Site Admin | October 8, 2025 7:03 PM | Akashvani | Akashvani Guwahati | Amit Shah
লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে গৃহমন্ত্রী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন