ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰৰ বিদেশ মন্ত্রী গেব্রিয়েলা ছ’মৰফেল্ডক সাক্ষাৎ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

■ বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰৰ বিদেশ মন্ত্রী গেব্রিয়েলা ছ’মৰফেল্ডক সাক্ষাৎ কৰে।

বৈঠকত দুয়ো পক্ষই ৰাজনৈতিক, বাণিজ্যিক, ভেষজ প্রশিক্ষণ আৰু সামৰ্থ্য বৃদ্ধিৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আন ক্ষেত্ৰসমূহৰ সহযোগিতা সুদৃঢ় কৰাৰ সুযোগত অন্বেষণ কৰে। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ কূটনৈতিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু শ্ৰীমতী ছ’মাৰফেল্ডে কালি যুটীয়াভাৱে ইকুৱেডৰৰ ৰাজধানী কুইট’ত ভাৰতীয় দূতাবাস উদ্বোধন কৰে। শ্ৰী মাৰ্ঘেৰিটাই লগতে ভাৰত আৰু ইকুৱেডৰৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ বিভিন্ন উপায় সম্পৰ্কে দেশখনৰ আগশাৰীৰ ব্যৱসায় জগতৰ প্ৰতিনিধিসকলৰ সৈতে মত-বিনিময় কৰে।