August 3, 2025 8:54 PM | Book Release

printer

লেখিকা অনিতা দেৱীৰ অন্য যাত্রা শীর্ষক গল্প সংকলনৰ উন্মোচন

অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত লেখিকা অনিতা দেৱীৰ অন্য যাত্রা শীর্ষক এখন গল্প সংকলন আজি উন্মোচন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব অধ্যয়ন বিভাগৰ মুৰববী অধ্যাপক ড০ গজেন্দ্র অধিকাৰীয়ে গল্প সংকলনখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চন্দ্ৰ প্ৰকাশৰ স্বত্বাধিকাৰী ডাঃ ৰবীন্দ্ৰ মোহন শৰ্মাই বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক বন্দিতা ফুকন, সাহিত্যিক তথা সংগীত শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰী, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ পল্লবী দত্তই ভাষণ প্ৰদান কৰে।