মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত উদ্যমী মহিলাসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। চাবুৱা সমষ্টিৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এখন সভাত সমষ্টিটোৰ ২১ হাজাৰ ১৯৮ গৰাকী মহিলাক আঁচনিখনৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী প্রশান্ত ফুকন, যোগেন মহন, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক বিনোদ হাজৰিকা আৰু পোনাকণ বৰুৱাও উপস্থিত থাকে।
Site Admin | December 23, 2025 10:02 PM | cm mmua
লাহোৱালত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ