ভাৰতে এতিয়াৰে পৰা তেজ আৰু পানী একেলগে ববলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে বুলি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। দিল্লীৰ ঐতিহাসিক লালকিল্লাত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্রী মোদীয়ে কয় যে সিন্ধু চুক্তি অন্যায় আছিল বুলি দেশবাসীয়ে এতিয়া উপলব্ধি কৰিছে। ভাৰতে এতিয়া আৰু পাৰমাণৱিক ভাবুকিৰ ওচৰত সেও নামানে বুলি প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। স্বাধীনতা দিৱস আশা আৰু আকাংক্ষাৰ উৎসৱ বুলি উল্লেখ কৰি তেওঁ কয়, যে ১৪০ কোটি ভাৰতীয়ৰ সংকল্প আৰু দেশৰ সাফল্যক লৈ গৌৰৱ কৰাৰ উপলক্ষে এই দিৱস উদযাপন কৰা হৈছে।
শ্ৰীমোদীয়ে ভাষণৰ আৰম্ভণিতে অপাৰেচন সিন্দূৰৰ সাহসী সৈনিকসকললৈ প্ৰণিপাত জনাই কয়, যে এই অভিযান দেশৰ সশস্ত্র বাহিনীৰ সাহস আৰু বীৰত্বৰ শক্তিশালী প্রতীক। চৰকাৰে সশস্ত্র বাহিনীক এই অভিযানৰ ৰণনীতি প্ৰস্তুত, লক্ষ্য আৰু সময় নিৰ্ধাৰণৰ বাবে সম্পূর্ণ স্বাধীনতা দিছিল বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে দেশৰ সাহসী সৈনিকসকলে শত্রুপক্ষক যোগ্য প্ৰত্যুত্তৰ দিলে। তেওঁ কয়, যে দেশৰ সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ পূৱ খণ্ডৰ কেইবাশ কিলোমিটাৰ ভিতৰলৈ গৈ সন্ত্ৰাসবাদী ঘাটিসমূহ ধূলিসাৎ কৰে। তেওঁ কয় যে পেহেলগামৰ হিংসাত্মক আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয়ই ক্ষোভিত হৈছে আৰু অপাৰেচন সিন্দূৰ হৈছে তাৰেই বহিঃপ্রকাশ।
শ্রীমোদীয়ে কয় যে দেশে শত্ৰু ৰাষ্ট্ৰৰ যিকোনো প্রচেষ্টা ব্যর্থ কৰাৰ বাবে শক্তিশালী অস্ত্র প্রণালী গঢ়ি তোলাৰ বাবে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব। তেওঁ কয়, যে পৰৱৰ্তী ১০ বছৰত এই ৰাষ্ট্ৰীয় সুৰক্ষা ঢালৰ সম্প্ৰসাৰণ সুদৃঢ়কৰণ আৰু আধুনিকীকৰণ কৰা হ’ব। তেওঁ লগতে এই মিছনটো মহাপ্রভু শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰৰ লগত সংযোগ কৰি ভাৰতীয়সকলে আধুনিক প্ৰতিৰক্ষা উদ্ভাৱনক পথ প্ৰদৰ্শন কৰিবলৈ নিজৰ চহকী সংস্কৃতি আৰু পৌৰাণিক ঐতিহ্যৰ পৰা প্ৰেৰণা লাভ কৰাৰ আলোকপাত কৰে।
প্রধানমন্ত্রী মোদীয়ে ভাৰতৰ প্ৰতিৰক্ষা, প্রযুক্তি, শক্তি, মহাকাশ অভিযান আৰু উৎপাদন ক্ষেত্ৰৰ অগ্ৰগতিত আত্মনিৰ্ভৰ ভাৰত অন্যতম বুলি উল্লেখ কৰে। কৃষক আৰু মাছমৰীয়াসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে দেশ সদায় প্ৰাচীৰ হিচাপে থিয় দিব বুলি অৱগত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মৰ বাবে প্রায় ১ লাখ কোটি টকা ব্যয়সাপেক্ষে বিকশিত ভাৰতৰ অধীনত ৰোজগাৰ যোজনা আৰম্ভ কৰিব বুলি ঘোষণা কৰে।
প্রধানমন্ত্ৰীয়ে কয়, যে চৰকাৰে ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে কাম কৰি আছে। তেওঁ লগতে কয়, যে আত্মনিৰ্ভৰ ভাৰত বিকশিত ভাৰতৰ ভেঁটিস্বৰূপ আৰু সম্প্ৰতি দেশৰ সকলো ক্ষেত্ৰত আধুনিক ব্যৱস্থা গঢ়ি তোলাৰ কাম চলি আছে।
প্রধানমন্ত্ৰীয়ে পৰৱৰ্ত্তী পৰ্যায়ৰ সংস্কাৰ সাধনৰ বাবে এটা সমৰ্পিত সংস্কাৰ কৰ্মবাহিনী গঠনৰ কথাও ঘোষণা কৰে। শ্ৰীমোদীয়ে সীমান্ত অঞ্চলসমূহত অনুপ্রবেশ আৰু অবৈধ প্ৰব্ৰজনৰ বাবে হোৱা জনগাঁথনিৰ ভাৰসাম্যহীনতা সমস্যাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ এই সমস্যা সমাধানৰ বাবে উচ্চ পৰ্যায়ৰ জনগাঁথনি অভিযান মুকলি কৰাৰ কথাও ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান দূৰ কৰাৰ লগতে একতা আৰু ভাৰতৰ জনসাধাৰণৰ অধিকাৰক সুৰক্ষিত কৰিব। প্রধানমন্ত্রী শ্রীমোদীয়ে সমুদ্ৰৰ ন-ন উৎসৰ উদঘাটনৰ লগতে সৌৰ শক্তি আৰু পাৰমাণিক শক্তি ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় ভূগৰ্ভ পানীৰ আহৰণ অভিযান মুকলি কৰাৰ কথাও ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বত দেশৰ সৌৰ শক্তিৰ প্ৰসাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বৰ্তমান ১০টা নতুন পাৰমাণবিক ৰিয়েক্টৰ কাৰ্যক্ষম হৈ আছে। প্রধানমন্ত্ৰী মোদীয়ে দেশৰ স্বাধীনতাৰ শতবৰ্ষত ভাৰতে যাতে নিজৰ পাৰমাণবিক শক্তিক্ষমতা ১০ গুণ বৃদ্ধি কৰি এটা দীৰ্ঘম্যাদী শক্তি উৎস গঢ়ি তুলিব পাৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ শেষৰ ভাগলৈ ভাৰতে স্বদেশত নিৰ্মিত চেমিকণ্ডাক্টৰ চিপ মুকলি কৰিব বুলিও ঘোষণা কৰে। তেওঁ কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, প্রযুক্তি আদি ক্ষেত্ৰৰ উদঘাটনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে ঘূৰি অহা গ্রুপ কেপ্তেইন শুভাংশু শুক্লাৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ নিজা মহাকাশ কেন্দ্ৰৰ পৰিকল্পনাৰ বিষয়েও প্রকাশ কৰে। তেওঁ কয় যে ভাৰতে গগণযানৰ বাবেও প্রস্তুতি চলাই আছে। তেওঁ যোৱা দশকটোত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱকসকলে আগবঢ়োৱা সেৱাৰ কথাও উল্লেখ কৰে । প্রধানমন্ত্রীয়ে আজি স্বাধীনতা দিৱসৰ বাবে আমন্ত্রণ জনোৱা বিশেষ অতিথি আৰু বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতেও মত-বিনিময় কৰে।
Site Admin | August 15, 2025 8:06 PM | National Independence Day
লালকিল্লাত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসত প্রধানমন্ত্ৰীৰ ভাষণ