লামডিং-শিলচৰ ব্ৰডগজ ৰূপান্তৰ প্ৰকল্পই প্ৰগতিৰ মাধ্যমেৰে উচ্চ পৰ্যায়ৰ নিৰীক্ষণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়ন তথা যোগাযোগ উন্নীতকৰণৰ প্ৰতি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়

প্রধানমন্ত্ৰীৰ সক্ৰিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়নৰ ধবজাবাহী মঞ্চ প্ৰগতিয়ে ৫০ সংখ্যক বৈঠকৰ সফল আয়োজনেৰে গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত আৰম্ভ কৰাৰে পৰা এই মঞ্চই প্রধানমন্ত্ৰীৰ পোনপটীয়া পৰ্যবেক্ষণৰ মাধ্যমেৰে গুৰুত্বপূৰ্ণ আন্তঃগাথনি প্রকল্প আৰু জনসাধাৰণৰ ওজৰ আপত্তিৰ বাস্তৱিক নিৰীক্ষণ তথা সমাধান সম্ভৱ কৰি তুলি শাসন ব্যৱস্থাত আমূল পৰিবৰ্তন সাধন কৰিছে। এই মঞ্চ সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই মঞ্চই কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰ্যালয়ক ডিজিটেলভাৱে সংযুক্ত কৰিছে। একদশকৰ অধিক সময়ৰ ভিতৰত প্ৰগতি মঞ্চই সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা, গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্রকল্প ৰূপায়নৰ ক্ষেত্ৰত দেখা দিয়া বাধাসমূহ দূৰ কৰা আৰু দায়বদ্ধতাৰ শক্তিশালী সংস্কৃতিৰ প্ৰসাৰত সহায় কৰিছে। ই অকল নিৰীক্ষণে নহয় বৰং শাসন ব্যৱস্থাৰ সংস্কাৰৰ বাবেও এখন মঞ্চৰূপে পৰিগণিত হৈছে।
এই বিশেষ শৃংখলাত আজি আমি লামডিং-শিলচৰ ব্ৰডগজ ৰূপান্তৰ প্ৰকল্পৰ বিষয়ে আলোকপাত কৰিবলৈ ওলাইছো।
দক্ষিণ অসমৰ মাজেৰে পাৰ হৈ যোৱা আৰু পাৰ্বত্য ৰাজ্য ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ সৈতে আৱশ্যকীয় ৰেল যোগাযোগ নিশ্চিত কৰা লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথ কৌশলগত দিশৰ পৰা অতিকে গুৰুত্বপূৰ্ণ। খাদ্য সামগ্রী, সাৰ, পেট্ৰলজাত সামগ্ৰী, নির্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী আৰু অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণেৰে এই ৰেলপথ অঞ্চলটোৰ বাবে জীৱন ৰেখা ৰূপে পৰিগণিত হৈছে। ১৯৯৬-৯৭ চনত লামডিং-শিলচৰ গজ ৰূপান্তৰ প্ৰকল্পত অনুমোদন দিয়া হৈছিল আৰু ২০০৪ চনত এই প্ৰকল্প ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল। পথছোৱা গুৰুত্বপূৰ্ণ হোৱা সত্বেও ব্যাহত পুঁজি যোগান, ভৌগোলিক জটিলতা আৰু সন্ত্ৰাসবাদৰ বাবে ২০০৬ৰ পৰা ২০০৯চনলৈ প্ৰাৰম্ভিক অৱস্থাত এই প্ৰকল্প ৰূপায়ণত যথেষ্ট জটিলতা দেখা দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২৫ মাৰ্চত প্ৰগতি ব্যৱস্থাৰ অধীনত এই প্ৰকল্পৰ পৰ্যালোচনা চলায় আৰু প্ৰধানমন্ত্ৰীৰ দিক্ নিৰ্দেশনাত এই প্ৰকল্পই অধিক গুৰুত্ব লাভ কৰিবলৈ ধৰে। ২০১৫ চনত ব্ৰডগজলৈ ৰূপান্তৰৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত মালগাড়ী ৰেলৰ চলাচলেৰে এই প্ৰকল্পৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হয়। ইয়াৰ কিছুদিনৰ পাছতে পথছোৱাৰে যাত্ৰীবাহী ৰেলগাড়ীৰো চলাচল হয়। ২০১৭ চনৰ পহিলা মাৰ্চত প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত পথছোৱাৰে ৰেল চলাচল আৰম্ভ হয়। ইয়াৰ লগে লগে বৰাক উপত্যকা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে ব্ৰডগজ ৰেল যোগাযোগ সম্ভৱ হৈ উঠে। এই প্ৰকল্পই প্ৰগতিৰ মাধ্যমেৰে উচ্চ পৰ্যায়ৰ নিৰীক্ষণৰ প্ৰভাৱ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়ন তথা যোগাযোগ উন্নীতকৰণৰ প্ৰতি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।