প্রায় ৮ ঘণ্টা ধৰি ৰে’ল চলাচল ব্যাহত হৈ থকাৰ অন্তত লামডিং-বদৰপুৰ ৰে’ল লাইনত পুনৰ ৰে’ল চলাচল আৰম্ভ হয়। পুৱতি নিশা মাইবং-দাওতুহাজা আৰু মুপা-দিহাখুৰ মাজত ৰে’ল পথৰ দুটা স্থানত ভূমিস্খলন হোৱাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বহুকেইখন ৰে’লৰ সময়সূচী সলনি তথা কেইবাখনো ৰে’ল অঞ্চলটোত আবদ্ধ হৈ পৰিছিল। পুৱতি নিশা গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে গুৱাহাটী-ৰঙিয়া এক্সপ্ৰেছ ৰে’লখন হাতীখালী ষ্টেচনত আৱদ্ধ হৈ পৰিছিল। একেদৰে গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰে’লখন লামডিং ষ্টেচনত আৰু গুৱাহাটী-দুৰ্লভছৰা এক্সপ্ৰেছ ৰে’লখন লাংটিং ষ্টেচনত আৱদ্ধ হৈ আছিল। আগৰতলা-দেওঘৰ এক্সপ্ৰেছ ৰে’লখনো হাফলং ষ্টেচনত আৱদ্ধ হৈ আছিল। ভূমিস্খলন সংঘটিত হোৱা ৰে’লপথছোৱা মুকলি কৰাৰ পাছতে পুনৰ ৰে’ল চলাচল আৰম্ভ হয়।
Site Admin | July 6, 2025 7:25 PM | NF Railway
লামডিং-বদৰপুৰ ৰে’ল লাইনত পুনৰ ৰে’ল চলাচল আৰম্ভ
