লামডিং-বদৰপুৰ পাহাৰৰ ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ১২খন ৰে’লৰ যাত্ৰা পুনৰ বাতিল

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ লামডিং-বদৰপুৰ পাহাৰ ৰেল লাইনৰ মুপা-দিহাখো ষ্টেচনৰ মাজত কালি পুৱাৰ ভাগত হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ১২খন ৰেলৰ যাত্ৰা ১২ জুলাইলৈ পুনৰ বাতিল কৰা হৈছে। ভূমিস্খলনৰ ফলত ৰেলপথত শিল- বালি জমা হোৱাৰ বাবে ছখন ৰেলৰ সেৱা আংশিকভাৱে বাতিল কৰা হৈছে। তদুপৰি দুখন ৰেলৰ যাত্ৰাৰ সময় পুনৰনিৰ্ধাৰণ কৰা হৈছে বুলি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সূত্ৰত প্ৰকাশ পাইছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি মুপা-দিহাখো ষ্টেচনৰ মাজত পাহাৰৰ পৰা খহি পৰা মাটি আৰু শিল আঁতৰাই আগৰতলা-ৰাণী-কমলাপতি স্পেচিয়েল এক্সপ্ৰেছ আৰু শিলচৰ- শিয়ালদহ-কাঞ্চনজংঘা এক্সপ্ৰেছ বিপজ্জনক পৰিস্থিতিত চলাচল কৰোৱা হয়। এনে পৰিস্থিতিত কালি ৰাজ্যসভাৰ সাংসদ কনা পুৰকাষস্থৰ নেতৃত্বৰ এটা দলে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন শ্রীবাস্তৱক সাক্ষাৎ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।