লাচিত বৰফুকনলৈ গৃহমন্ত্রী অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আহোম সেনাপতি লাচিত বৰফুকনলৈ তেওঁৰ জয়ন্তী শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰীশ্বাহে কয়, যে লাচিত বৰফুকনৰ অপৰিসীম দেশভক্তি,শৌর্য-বীৰ্য আৰু অদম্য সামৰিক নেতৃত্বই কেৱল অসমকে নহয়, বৰং সমগ্ৰ উত্তৰপূবক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ জৰিয়তে অঞ্চলটোৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যও সুৰক্ষিত হৈছিল বুলি উল্লেখ কৰি সামাজিক মাধ্যমৰ বাৰ্তাত গৃহমন্ত্ৰী শ্বাহে কয়, যে লাচিত বৰফুকনৰ জীৱন চিৰদিনৰ বাবে দেশভক্তিৰ অনন্য প্ৰেৰণা হৈ ৰব।