লাচিত ঘাটত ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ উপস্থিত থাকিব

■ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীৰ লাচিত ঘাটত অহা দেওবাৰে হ’বলগীয়া ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে সেইদিনা দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব প্ৰদৰ্শন কৰা হ’ব। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই এয়াৰ শ্ব’ত ৰাফেল, মিগ, ছুখয় আদিৰ দৰে ৭৫ খন বিমানে ভাগ ল’ব। বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধা শ্ৰমৰ আবাসীসকলক অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ নতুন পাৰ্কৰ পৰা ইচ্ছ্যুক ব্যক্তিসকলে ফ্লাইং শ্ব চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্ব’টো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব’ চোৱাৰ ব্যৱস্থা কৰা হৈছে।
ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ পৰিপ্ৰেক্ষিতত আজিৰেপৰা ৯ নৱেম্বৰলৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা বন্ধ ৰখা হৈছে। এই অনুশীলনত সুবিধা হোৱাকৈ আৰু গুৱাহাটী গে’টৱে মুকলি অনুষ্ঠানৰ বাবে অভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। বিকল্প হিচাপে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আজিৰেপৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ চলাচলৰ ব্যৱস্থা কৰা হৈছে। বায়ু সেনা দিৱসৰ ফ্লাই পাষ্টৰ বাবে ৮ আৰু ৯ নৱেম্বৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহন তথা অন্য গধুৰ বাহনক এইচ বি ৰোড, এ টি ৰোড, ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোডত ৮ আৰু ৯ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচলৰ অনুমতি দিয়া নহ’ব। সেই সময়খিনিত ঠেলা, ৰিক্সা আদি বাহনক এম জি ৰোডত মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলোলৈকে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। বায়ু সেনাই জাৰি কৰা আৰু বিতৰণ কৰা অনুমতিপত্ৰ থকা বাহনৰ বাহিৰে
আন কোনো বাহন দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ সেই অঞ্চলত চলাচল কৰিব নোৱাৰিব। খানাপাৰাৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো ছিটি বাছ জি এছ ৰোড, এ টি ৰোড, আঠগাওঁ হৈ গৈ পাণবজাৰৰ আৰ বি আই হৈ ঘুৰিব নোৱাৰিব। ছিটিবাছৰ বাহিৰে জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এইচ বি ৰোডত দুয়োপিনে যান-বাহন চলাচল কৰিব পাৰিব।