প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লাক্ষাদ্বীপত অনুষ্ঠিত মাল্টিস্পেচিয়েলিটী যুটীয়া স্বাস্থ্য সেৱা শিবিৰৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে নৌসেনাই আয়োজন কৰা এই বৃহৎ পৰিসৰৰ স্বাস্থ্য শিবিৰে ভিতৰুৱা অঞ্চলৰ নাগৰিকক গুণগত স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। তেওঁ কয় যে স্বাস্থ্য পৰীক্ষা, যিকোনো ৰোগৰ আগতীয়া চিনাক্তকৰণ, সময়মতে চিকিৎসা পৰামৰ্শ তথা ঔষধৰ বিনামূলীয়া বিতৰণে দ্বীপটোত বাস কৰা সমুদায়সমূহৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰিব।
Site Admin | January 13, 2026 6:14 PM | Akashvani | Akashvani News | Defence Minister Rajnath Singh
লাক্ষাদ্বীপত অনুষ্ঠিত মাল্টিস্পেচিয়েলিটী যুটীয়া স্বাস্থ্য সেৱা শিবিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ