ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 31, 2024 8:53 PM | Indian Embassy

printer

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশৰ গোল্ডেন ট্রায়েংগল বিশেষ অর্থনৈতিক ক্ষেত্ৰত অৱস্থিত চাইবাৰ কেলেংকাৰী কেন্দ্ৰত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। দূতাবাসে সামাজিক মাধ্যমযোগে লাঅ’চ কর্তৃপক্ষই বিশেষ অর্থনৈতিক ক্ষেত্ৰত অবৈধ কাম-কাজৰ বিৰুদ্ধে অভিযান চলাই ২৯ গৰাকী লোকক চমজাই দিয়া বুলি প্ৰকাশ কৰিছে। দূতাবাসে লগতে বাকী ১৮ জন লোকে পোনপটীয়াকৈ দূতাবাসৰ সৈতে যোগাযোগ কৰা বুলি জানিবলৈ দিছে। লাঅচত থকা ভাৰতীয় ৰাষ্ট্রদূত প্ৰচণ্ড আগৰৱালে ৱিয়েনটিয়ানেত উপস্থিত হোৱাত উদ্ধাৰ কৰা লোককেইজনক আদৰণি জনায় আৰু লোককেইজনে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু ভৱিষ্যৎ পদক্ষেপ সম্পর্কে আলোচনা কৰে। ইপিনে, দূতাবাসে উদ্ধাৰ কৰা লোককেইজনক স্বদেশলৈ ঘূৰাই পঠিওৱাৰ বাবে লাঅচ কৰ্তৃপক্ষৰ সৈতে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে। বৰ্তমানলৈকে ৩০ গৰাকী লোক ভাৰতলৈ ঘূৰি আহিছে অথবা ঘূৰি অহাৰ পথত আছে। বাকী ১৭ জন লোকে যাত্ৰাৰ যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ হোৱালৈ বাট চাই আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।