ডাউনলোড
মোবাইল এপ

android apple
signal

September 11, 2025 8:32 PM | Aswini Baishnav

printer

লঘূ উদ্যোগ ভাৰতীয়ে আয়োজন কৰা আইডিয়াথন ২০২৫ৰ অধিৱেশনত মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ৰেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী আৰু মেক ইন ইণ্ডিয়াৰ অধীনত দেশখনে দ্রুত গতিত তথ্য, প্রযুক্তি আৰু বৈদ্যুতিক সামগ্ৰীৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি জয়পুৰত লঘূ উদ্যোগ ভাৰতীয়ে আয়োজন কৰা আইডিয়াথন ২০২৫ৰ অধিৱেশনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে তথ্য, প্রযুক্তি খণ্ডত ভাৰতৰ অগ্ৰগতি বিশ্বব্যাপি চৰ্চাৰ কেন্দ্ৰত পৰিণত হৈছে। তেওঁ জনোৱা অনুসৰি দেশত ১১ লাখ কোটি টকা মূল্যৰ বৈদ্যুতিক সামগ্ৰী উদ্যোগ গঢ় লৈ উঠিছে আৰু এই উদ্যোগসমূহে প্ৰায় ২৫ লাখতকৈও অধিক লোকক কর্মসংস্থাপন দিছে। ভাৰতৰ বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন কেৱল ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰোৱাই নহয়, ৰপ্তানিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহতো স্থান দখল কৰিছে। তেওঁ শেহতীয়াকৈ দেশখনে ছেমিকণ্ডাক্টৰ শ্বিপ নিৰ্মাণত সফলতা সন্দৰ্ভত আলোকপাত কৰে ৷ শেহতীয়া জি এছ টি সংস্কাৰৰ কথাও উল্লেখ কৰি অশ্বিনী বৈষ্ণৱে কয়, যে ইয়াৰ জৰিয়তে দৈনিক ব্যৱহাৰ্য্য বহু সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ লগতে ব্যৱসায়ীসকল তথা দেশৰ অৰ্থনীতিও উপকৃত হ’ব। উল্লেখযোগ্য যে, ভ্ৰমণৰ সময়ত শ্ৰী বৈষ্ণৱে জয়পুৰৰ বিভিন্ন ৰে’ল প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে নির্মিয়মান উন্নয়নমূলক কামকাজসূহৰ পৰ্যালোচনা কৰে।