ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 5, 2025 11:27 AM | Agniveer Appointment

printer

লখিমপুৰ জিলাত আজি অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে অসামৰিক প্ৰতিৰক্ষা সংযুক্ত পৰীক্ষা

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে লখিমপুৰ জিলাত আজি অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে অসামৰিক প্ৰতিৰক্ষা সংযুক্ত পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা দণ্ডাধীশে পৰীক্ষা হ’বলগীয়া কেন্দ্ৰসমূহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বাবে অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কোনো প্রার্থীয়ে মোবাইল ফোন নাইবা কোনো ধৰণৰ ডিজিটেল যোগাযোগৰ মাধ্যম, কেলকুলেটৰ, পেইন ড্রাইভ, পাঠ্যপুথি আদি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব। এই আদেশ অমান্য কৰা সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব বুলিও প্রশাসনে জনাইছে।
কার্বি আংলং জিলাতো আজি আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ডিফু চৰকাৰী মহাবিদ্যালয়, ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিফু ডনবস্ক’, জুনিয়ৰ কলেজ, বোকাজান কলেজ আদিত এই পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষা শান্তিপূর্ণভাবে পৰিচালনা কৰিবলৈ কাৰ্বি আংলং জিলা প্রশাসনে জিলা দণ্ডাধীশক দায়িত্ব অর্পণ কৰিছে।