লখিমপুৰৰ খাৰকাটি ফটাসুতি ঘাটত ১৮ জানুৱাৰীৰ পৰা ৰঙানদী সাংস্কৃতিক উৎসৱ ২০২৬

লখিমপুৰৰ খাৰকাটি ফটাসুতি ঘাটৰ পকী দলঙৰ সমীপত অহা ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৰঙানদী সাংস্কৃতিক উৎসৱ ২০২৬। ফটাসুঁতি দলঙৰ সমীপত আজি এই উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান আয়োজিত হয়। অনুষ্ঠানটোত দিহা নামৰ লগতে মিছিং নৃত্যও পৰিবেশন কৰা হয়। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিভিন্ন প্ৰজাতিৰ অভিলেখ সংখ্যক মাছ ৰঙানদীত এৰি দিয়া হ’ব। দ্বিতীয়বাৰৰ বাবে ৫ দিনীয়া কাৰ্যসূচীৰে হ’বলগীয়া এই অনুষ্ঠানত জুবিন গাৰ্গৰ গীত আৰু নত্য প্রতিযোগিতা, গ্রন্থমেলা, বাণিজ্য মেলা, খাদ্য মেলা, বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্রদর্শন, ভাওনা, বাস, শিল্পীৰ সংগীতানুষ্ঠান, ফেছন শ্ব’, দিহানাম তথা ছাত্ৰ-ছাত্ৰীৰ মাজত কবিতা প্রতিযোগিতা অনুষ্ঠিত হ’ব। ৰঙানদীক বিষয়বস্তু হিচাপে লৈ এখন আলোচনা চক্র আয়োজনৰো দিহা কৰা হৈছে। তদুপৰি ৰঙানদী পাৰৰ এশ গৰাকী শিল্পী, সাহিত্যিক আৰু সমাজ সেৱকক এই সুযোগতে সম্বর্ধনা জনোৱা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।