লখিমপুৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লখিমপুৰ জিলাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে ১৩২ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লৈছে। মুখ্যমন্ত্ৰীয়ে ৪০ কোটি টকা ব্যয়সাপেক্ষে অসম মালা আঁচনিৰ অধীনত ন- আলিৰ পৰা কলিতাগাঁও চাৰিআলিলৈ পথৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে ৫২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ নতুন ভৱন আৰু ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া পয়-প্ৰণালী নিষ্কাষণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব।
মুখ্যমন্ত্ৰী ড° শৰ্মাই লখিমপুৰ বিধানসভা সমষ্টিৰ ২৭ হাজাৰ ৮০৪ গৰাকী মহিলাক মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা পুঁজিৰ চেক প্ৰদান কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে ৩০ কোটি টকা ব্যয় সাপেক্ষে জহিঙত নিৰ্মাণ কৰা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰিব।