ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি আজিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ ক্ৰীড়া চৌহদত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে ১০ দিনীয়া গ্রন্থমেলাখন আজি উদ্বোধন কৰা হয়। আজি বিয়লি জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে গ্ৰন্থৰ জৰিয়তে জ্ঞান আৰু প্ৰজ্ঞাৰ অধিকাৰী হ’ব পাৰি বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে ভাষাৰ উচ্চাৰণ আৰু লিখাৰ ক্ষেত্ৰত সাৱধান হ’বলৈ সকলোকে আহ্বান জনায়। তেওঁ কয়, যে শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ যিদৰে ব্যয়ামৰ প্ৰয়োজন তেনেদৰে সুস্থ মানসিক বিকাশৰ বাবে গ্ৰন্থ অধ্যয়ন নিতান্তই প্রয়োজনীয়। অনুষ্ঠানত অংশ লৈ পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষালে সভ্যতাৰ মাপকাঠি হিচাপে গ্ৰন্থই জ্ঞানৰ দিগদৰ্শন কৰে বুলি মন্তব্য কৰে। অনুষ্ঠানত অংশ লৈ লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এই গ্রন্থমেলাৰ আয়োজনে লখিমপুৰবাসীক উপকৃত কৰিব বুলি মত প্ৰকাশ কৰে। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অৰূপজ্যোতি চৌধুৰীয়ে শিশুৰ মনত গ্ৰন্থৰ প্ৰতি আগ্ৰহ জন্মাবলৈ অভিভাৱক আৰু শিক্ষক সমাজক আহ্বান জনায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বিভাষ চৌধুৰীয়ে এই অনুষ্ঠানত অংশ লৈ অসমত গ্রন্থ আন্দোলনে নতুন ৰূপত প্রাণ পাইছে বুলি উল্লেখ কৰে। আজিৰ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰে ৷
Site Admin | November 1, 2025 8:48 PM | Asom Book Fair
লখিমপুৰত আজিৰে পৰা অসম গ্ৰন্থমেলা