প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উৎপাদনৰ দিশৰ পৰা দেশৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীল হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ সৰোজনী নগৰ অঞ্চলত ই ভি অৰ্থাৎ বৈদ্যুতিক বাহনৰ কাৰখানা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় মন্ত্ৰী এইছ ডি কুমাৰাস্বামী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো এই অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বহু নিয়ম সৰলীকৃত কৰাৰ লগতে বিনিয়োগকাৰী আৰু ব্যৱসায়ীসকলৰ বিশ্বাস বৃদ্ধিৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে পূৰ্বে বছৰি ৪৬ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ পৰিৱৰ্তে বৰ্তমান ইয়াৰ পৰিমাণ ১ লাখ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিৰক্ষা খণ্ডৰ ৰপ্তানি অধিক সম্প্ৰসাৰিত হৈছে। পূৰ্বে বছৰি এহেজাৰ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি হোৱাৰ বিপৰীতে সম্প্ৰতি প্ৰায় ২৫ হাজাৰ কোটি টকাৰ এনে সামগ্ৰী ৰপ্তানি কৰা হয়। ২০২৯-৩০ চনৰ ভিতৰত এই ৰপ্তানিয়ে ৫০ হাজাৰ কোটি টকা অতিক্ৰম কৰিব বুলি তেওঁ আশা প্রকাশ কৰে।
Site Admin | January 9, 2026 8:14 PM | Rajnath Singh
লক্ষ্ণৌৰ সৰোজনী নগৰত বৈদ্যুতিক বাহনৰ কাৰখানা মুকলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ