ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত হাহাকাৰ পৰিস্থিতি

লক্ষ্ণৌৰ লোকবন্ধু হাস্পতালত কালি নিশা এটা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। হাস্পতালখনৰ দ্বিতীয় মহলাত আকস্মিকভাৱে জুই লগাত ৰোগী আৰু কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱা লাগে। ঘটনাৰ খবৰ পোৱা মাত্ৰকে অগ্নিনির্বাপক বাহিনীৰ কেইবাখনো বাহন হাস্পতালখনত উপস্থিত হৈ জুই নিৰ্বাপণ কৰে। প্ৰশাসনৰ তৎপৰতাত সংকটজনক অৱস্থাত থকা সকলৰ লগতে ২০০ৰো অধিক ৰোগীক হাস্পতালখনৰ বাহিৰলৈ উলিয়াই অনা হয়।
নিশাতেই ৰাজ্যখনৰ উপ-মুখ্যমন্ত্রী ব্রজেশ পাঠক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ প্ৰতিটো দিশ চোৱাচিতা কৰে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ঘটনাৰ বুজ লোৱাৰ লগতে প্ৰশাসনক প্রয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিছে। উত্তৰ প্ৰদেশ চৰকাৰৰ স্বাস্থ্য বিভাগে জনোৱা অনুসৰি অগ্নিকাণ্ডৰ ঘটনাত কোনো লোক অগ্নিদগ্ধ বা হতাহত হোৱা নাই। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি হাস্পতাল কর্তৃপক্ষই প্ৰকাশ কৰিছে যদিও সবিশেষ তথ্যৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে।