ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

যোৱা বছৰ কাৰ্যকৰী হোৱা তিনিখন অপৰাধ আইনে ন্যায়িক ব্যৱস্থা দ্রুত, সৰল আৰু অধিক সুলভ কৰি তুলিছেঃ গৃহমন্ত্রী

গৃহমন্ত্রী অমিত শ্বাহে কয় যে যোৱা বছৰ কাৰ্যকৰী হোৱা তিনিখন অপৰাধ আইনে ন্যায়িক ব্যৱস্থা দ্রুত, সৰল আৰু অধিক সুলভ কৰি তুলিছে। তেওঁ এই আইন সমূহ ন্যায়ৰ সহজতা নিশ্চিত কৰাৰ দিশত এই বৃহৎ পদক্ষেপ বুলি কয়। শ্ৰীশ্বাহে আজি জয়পুৰত নতুন অপৰাধ আইন কার্যকৰীকৰণৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যিক পৰ্যায়ৰ এখন প্ৰদৰ্শনী উদ্বোধন কৰাৰ পাছত অনুষ্ঠিত এখন সভাত ভাষণ দি এইদৰে কয়। তেওঁ কয় যে বিস্তৃত আলোচনা আৰু কেইবাশ লোকৰ পৰামৰ্শৰ অন্তত এই আইন প্রনয়ন কৰা হৈছে। এই আইনৰ মূল বৈশিষ্ট্যসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীশ্বাহে কয় যে এই আইনৰ অধীনত মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

তেওঁ লগতে কয় যে নতুন আইনসমূহে ভুক্তভোগীৰ বাবে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ন্যায় নিশ্চিত কৰে আৰু তেওঁ ইয়াৰ কাৰ্যকৰীকৰণক একবিংশ শতিকাৰ অন্যতম উল্লেখযোগ্য ন্যায়িক সংস্কাৰ হিচাপে অভিহিত কৰে। শ্ৰীশ্বাহে নাগৰিকসকলক দৈনন্দিন জীৱনত স্বদেশত নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে কেৱল ভাৰতত নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰিলে ঘৰুৱা উৎপাদন বৃদ্ধি পাব, যিয়ে ২০৪৭ চনলৈ ভাৰতবৰ্ষ বিকশিত দেশত পৰিণত হোৱাৰ প্ৰতিশ্ৰুতি পূৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব।

এই অনুষ্ঠানৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীযে ৯ হাজাৰ ৩০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ শুভাৰম্ভ কৰে। শ্ৰীশ্বাহে ছাত্ৰ-ছাত্ৰীসকলৰ পোছাকৰ বাবদ ২৬০ কোটি টকা আৰু দুগ্ধ উৎপাদকসকলক গাখীৰৰ ৰাজসাহায্য

হিচাপে ৩৬৬ কোটি টকাও হস্তান্তৰ কৰে। অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ প্ৰকাশ শর্মাইও ভাষণ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।