কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হোৱা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন নীতি আৰু আঁচনি ৰূপায়ণৰ ফলত অঞ্চলটোত যোগাযোগসহ বিভিন্ন ক্ষেত্ৰত দ্রুত উন্নয়ন হৈছে। বাণিজ্যিক বিমান বন্দৰৰ সম্প্ৰসাৰণ, ছেমি কণ্ডাক্টৰ, ৰে’লৱে আৰু অন্য খণ্ডসমূহক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ মূল চালিকাশক্তি বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰী সোণোৱালে কয়, যে উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি-সম্প্ৰীতিয়ে অঞ্চলটোৰ পূৰ্ণ সম্ভাৱনাৰ সদ ব্যৱহাৰ নিশ্চিত কৰিছে।
Site Admin | December 4, 2025 6:28 PM | Akashvani | Akashvani News | Sarbanada sonowal
যোৱা কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চল দেশৰ উন্নয়নৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছেঃ সৰ্বানন্দ সোণোৱাল