● ক’ভিড কালক বাদ দি যোৱা এটা দশকত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩ৰ পৰা ১৫ শতাংশ হাৰত বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। চলিত বছৰত গুৱাহাটী অনুষ্ঠিত এডভান্টেজ আছামৰ তৃতীয় সংস্কৰণত ইয়াৰ প্ৰভাৱ প্ৰতিফলিত হৈছে বুলি ড০ শৰ্মাই উল্লেখ কৰে। কালি দেশৰ ইলেকট্রনিকছ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিৰ সৈতে দিল্লীত অনুষ্ঠিত আছাম ইলেকট্রনিকছ ৰাউণ্ড টেবুল ২০২৫ শীৰ্ষক সন্মিলনত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। অসম উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰস্থলত অৱস্থিত হোৱাৰ লগতে কৌশলগত দিশৰ পৰা ভূটান আৰু বাংলাদেশৰ সৈতে সীমান্ত সংলগ্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিনিয়োগৰ বাবে সুবিধাজনক স্থান বুলি তেওঁ উল্লেখ কৰে। এডভান্টেজ আছামৰ তৃতীয় সংস্কৰণত ৰাজ্যখনে চাবে ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে অসমত বিনিয়োগৰ বাবে সম্প্রতি উপযুক্ত সময় বুলি উল্লেখ কৰি বিভিন্ন উদ্যোগৰ প্ৰতিনিধিসকলক ৰাজ্যখনত বিনিয়োগ কৰিবলৈ আহ্বান জনায়।
ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমত ইতিমধ্যে ১১ খন পঞ্চতাৰকা হোটেল স্থাপনত অনুমোদন জনোৱাৰ লগতে ৩ খন উপগ্ৰহীয় নগৰ গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰ ভিতৰত টাটাৰ উদ্যোগত জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত স্থাপন কৰিবলগীয়া জাগীৰোড ইন্টিগ্রেটেড ছেটেলাইট টাউনশ্বিপৰ বিষয়ে তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে টাটাই এই প্রকল্পটোৰ পৰা দৈনিক ৪ কোটি ৮০ লাখতকৈ অধিক চিপ উৎপাদিত হ’ব। এই প্ৰকল্পটোৰ বাবে প্রয়োজনীয় দক্ষতা আহৰণ কৰিবলৈ গুৱাহাটী ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা যুৱক-যুৱতীক বেংগালুৰুৱে প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত ১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ৰ বিষয়েও উল্লেখ কৰে। অসমত ইলেকট্ৰনিকছ উদ্যোগ গঢ়ি তোলাৰ বাবে ভূমিৰ আৱণ্টনৰ লগতে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা বিভিন্ন সুবিধা আৰু ৰাজ্য চৰকাৰৰ ৬০ শতাংশৰো অধিক অনুদান তথা ১০০ শতাংশ জি এছ টি উভতাই দিয়াৰ বাবে বিনিয়োগকাৰীসকলক মুখ্যমন্ত্ৰীয়ে সম্ভাৱ্য প্রতিশ্রুতি দিয়ে। তেওঁ বিনিয়োগকাৰীসকলক জাগীৰোডৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য এইধৰণৰ ৰাউণ্ড টেবুল বৈঠক পৰৱৰ্তী পৰ্যায়ত মুম্বাই, বেংগালুৰু, চেন্নাই আৰু হায়দাবাদত অনুষ্ঠিত হ’ব।