যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে সদৌ অসম আন্তঃজিলা ভিত্তিত দবা প্রতিযোগিতা অনুষ্ঠিত

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয় ইন্দোৰ ষ্টেডিয়ামত দবা প্রতিযোগিতা অনুষ্ঠিত হৈছে। সদৌ অসম আন্তঃজিলা ভিত্তিত ৭, ৯ আৰু ১১ বছৰ অনুৰ্ধৰ তিনিটা শাখাত এই প্রতিযোগিতাখন পূর্ণগতিত চলি আছে। ৰাজ্যৰ বিভিন্ন জিলাত ৩৫০ গৰাকী প্রতিযোগীয়ে যোগদান কৰা প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনা পঞ্চম ৰাউণ্ডৰ খেল সম্পূৰ্ণ হৈছে। প্ৰতিযোগিতাখনৰ বাকী থকা ৰাউণ্ডৰ খেল আজি অনুষ্ঠিত হৈছে আৰু বিয়লিৰ ভাগলৈ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।