ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত ২০২৪-২৫ বৰ্ষৰ খাৰিফ শস্যৰ বিপনণ বতৰৰ ধান ক্রয় সন্দৰ্ভত পর্যালোচনা বৈঠক অনুষ্ঠিত

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত ২০২৪-২৫ বৰ্ষৰ খাৰিফ শস্যৰ বিপনণ বতৰৰ ধান ক্রয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে অতিৰিক্ত জিলা আয়ুক্ত, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জিলা কৃষি বিষয়া, ভাৰতীয় খাদ্য নিগমৰ সংমণ্ডল পৰিচালকৰ উপস্থিতিত জিলাখনত ধান ক্রয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। জিলাখনৰ অন্তৰ্গত ধান ক্রয় কেন্দ্ৰসমূহে বৰ্ষটোত পাঁচ হাজাৰ ২০০ মেট্রিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য লৈছিল যদিও পাঁচ হাজাৰ ১৩৫ মেট্রিকটন ধান ক্রয় কৰে বুলি বৈঠকত প্ৰকাশ কৰা হয়। এই বৈঠকত জিলা আয়ুক্তগৰাকীয়ে হাঁহচৰা, নকছাৰী আৰু তিতাবৰ মাধপুৰত নতুনকৈ স্থাপন হ’বলগীয়া ধান ক্রয় কেন্দ্ৰ সন্দৰ্ভতো সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।