যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত আজি জিলা সেউজীয়া পাতৰ মূল্য নিৰীক্ষণ সমিতিৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। পর্যালোচনা সভাখনত যোৰহাট জিলাৰ চাহ উদ্যোগৰ সামগ্রীক উন্নয়নৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাখনত ভাৰতীয় চাহ সংস্থা, উত্তৰ পূৰ্বাঞ্চল চাহ সন্থা, ভাৰতীয় চাহ সন্থাৰ অসম শাখা, অসম চাহ ৰোপনকাৰী সন্থাৰ প্ৰতিনিধি, যোৰহাট জিলাৰ ক্ৰয় কৰা পাত কাৰখানাৰ মালিক আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতিয়ে অংশগ্রহণ কৰে।
Site Admin | August 1, 2025 8:42 PM | Akashvani | Jorhat | Local news
যোৰহাট জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা সেউজীয়া পাতৰ মূল্য নিৰীক্ষণ সমিতিৰ পর্যালোচনা সভা অনুষ্ঠিত