যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাট জিলাৰ কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেঁও কৃষি ক্ষেত্ৰৰ বিকাশত মহাবিদ্যালয়খনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যা সম্পৰ্কেও বুজ লয়।
কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাতো মুখ্য অতিথি হিচাপে অংশ লৈ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰে। তেওঁ এই অনুষ্ঠানতে বিগত শৈক্ষিক বৰ্ষত শ্রেষ্ঠত্ব অৰ্জন কৰা কেইবাগৰাকীও শিক্ষাৰ্থীক বঁটা প্ৰদান কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।