যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা

● যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে ভাৰতীয় বন সেৱা বিষয়াৰ পৰিবেশ তন্ত্র স্বাস্থ্য পত্ৰ প্ৰস্তুতকৰণ শীর্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰিছে। পৰিবেশ, বন আক জলবায়ু পৰিৱর্তন মন্ত্ৰালয়ৰ অর্থসাহায্যত অনুষ্ঠিত এই কৰ্মশালাত দেশৰ ৭ খন ৰাজ্যৰ ১০ গৰাকী উচ্চ পদস্থ বিষয়াই অংশগ্রহণ কৰিছে। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী তথা পাঠ্যক্ৰম সঞ্চালক ৰাজীৱ কুমাৰ কলিতাৰ দ্বাৰা পৰিচালিত এই প্রশিক্ষণত পৰিবেশ তন্ত্ৰ সেৱা, জীৱিকা আৰু পৰিবেশতন্ত্র স্বাস্থ্য পত্র, সমতূল্য অর্থনৈতিক মূল্য চিনাক্তকৰণ আদি বিভিন্ন দিশ সামৰি অভিজ্ঞ সমল ব্যক্তিয়ে প্রশিক্ষণ দিয়ে। প্ৰশিক্ষণৰ লগত সংগতি ৰাখি আজি প্ৰশিক্ষাৰ্থীসকলক শিৱসাগৰৰ বৰপুখুৰীত পৰিবেশতন্ত্র স্বাস্থ্য পত্ৰৰ তথ্য সংগ্ৰহৰ বাবে লৈ যোৱা হয়। বন বিষয়াসকলে এই প্ৰশিক্ষণৰ অংশ হিচাপে জৈৱ বৈচিত্ৰ আৰু পৰিবেশতন্ত্র অধ্যয়নৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।