ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বন্যপ্রাণী সপ্তাহ ২০২৪ৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীৰে বিশেষ অনুষ্ঠান

■ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে বন্যপ্রাণী সপ্তাহ ২০২৪ উদযাপনৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীৰে কালি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৰ বিজ্ঞানী, বিষয়া আৰু অন্যান্য সহায়ক-কৰ্মচাৰীসকলে কালি পুৱা পক্ষী নিৰীক্ষণ কৰে। তেওঁলোকে প্রতিষ্ঠানটোৰ চৌহদত প্রায় ২৯টা বিভিন্ন প্ৰজাতিৰ চৰাই প্ৰত্যক্ষ কৰে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠানটোৰ বিষয়া- কৰ্মচাৰীসকলৰ মাজত কুইজ প্রতিযোগিতা, চিত্রাংকন প্রতিযোগিতা আদিও অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি বেচৰকাৰী অনুষ্ঠানক আৰণ্যকৰ জ্যেষ্ঠ প্ৰৱন্ধক ড০ দীপাংকৰ লহকৰে ভাৰতত পৰিস্থিতি বিজ্ঞান, বাঘৰ জীৱ বিজ্ঞান আৰু ইয়াৰ সংৰক্ষণৰ ইতিহাসৰ সৈতে সংগতি ৰাখি বক্তব্য প্ৰদান কৰে। তেওঁ মানস ৰাষ্ট্ৰীয় উদ্যানৰ নৃতাত্বিক চাপৰ বিষয়েও আলোকপাত কৰে।