অসমীয়া ভাষাত মণ্টেশ্বৰী শিক্ষাৰ বাটকটীয়া যোৰহাটৰ বাল্য ভৱন হাইস্কুলৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে এই সমাৰোহ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে বাৰেৰহনীয়া শোভাযাত্ৰা আৰু চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পুজাৰীয়ে মহাৰজত জয়ন্তী উপলক্ষে প্রকাশিত প্রজ্ঞাতীর্থ শীর্ষক স্মৃতি গ্রন্থ উন্মোচন কৰে। এই অনুষ্ঠানতে বিদ্যালয়খনৰ বিভিন্ন ছাত্ৰ গোট প্ৰকাশ কৰা হাতে লিখা আলোচনীসমূহো উন্মোচন কৰা হয়। উন্মোচনী ভাষণত সাহিত্যিকগৰাকীয়ে অসমীয়া ভাষা ৰক্ষা আৰু চৰ্চাৰ ক্ষেত্ৰত বাল্য ভৱনৰ নৱ প্ৰজন্মই ছখনকৈ হাতে লিখা আলোচনী নিয়মীয়াকৈ প্ৰকাশৰ দৰে পদক্ষেপ লৈ অহৰহ চেষ্টা চলাই আহিছে। তেওঁ লগতে এনে পদক্ষেপে ধ্ৰুপদী ভাষাটোৰ ক্ষেত্ৰত আহি পৰা সংকটৰ সংশয়ৰো অৱসান ঘটাব বুলি আশা প্রকাশ কৰে। আজিৰ অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰকাশন গোষ্ঠীৰ সহযোগত ১৯৯৮ চনত ছাত্র সমাজে প্ৰকাশ কৰি উলিওৱা এ হিষ্টৰি অৱ দ্যা আচাম কোম্পানী, ১৮৩৯ – ১৯৫৩ শীৰ্ষক এখন গৱেষণা গ্ৰন্থ উন্মোচন কৰা হয়।
Site Admin | November 8, 2025 8:39 PM | Dimaond Jubilee
যোৰহাটৰ বাল্য ভৱন হাইস্কুলৰ মহাৰজত জয়ন্তীৰ সামৰণি