■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি যোৰহাট জিলাৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে।

অঞ্চলটোৰ চাহ বাগিচাসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰিবহণ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাবে নাবাৰ্ডৰ পুঁজিৰ অধীনত তিতাবৰ বিধানসভা সমষ্টিৰ ৩৪ খন চাহ বাগিচাৰ বাবে মুঠ ২৩টা পেকেজ সামৰি ৩ হাজাৰ ৪৩ লাখতকৈ অধিক টকাৰ ব্যয় সাপেক্ষে ৪২ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৬৩টা পথ নিৰ্মাণ কৰা হ’ব।

ৰাজ্যিক মন্ত্ৰীগৰাকীৰ লগত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ, ঠেঙাল-কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, পৰিষদৰ অধ্যক্ষ, যোৰহাট জিলা আয়ুক্ত, তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়কৰ লগতে জিলা আৰক্ষী অধীক্ষকসহ বিভাগীয় বিষয়াসকল উপস্থিত থাকে।