October 11, 2025 6:52 PM | Pabitra Margherita

printer

যোৰহাটৰ তিতাবৰত শুশ্রূষা সেতু শীৰ্ষক স্বাস্থ্য মেলা উদ্বোধন

ৰাজ্যৰ নৱপ্ৰজন্মক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিত শুশ্রূষা সেতু শীৰ্ষক স্বাস্থ্য মেলা অনুষ্ঠিত কৰিছে। যোৰহাট জিলাৰ তিতাবৰ বিধানসভা সমষ্টিত আজি কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই এই মেলা উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে বৰহোলাৰ খেৰেমা বনুৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোও আনুষ্ঠানিকভাৱে উদ্বোন কৰে। মন্ত্ৰীগৰাকীয়ে আজি তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলত ৰাজ্যৰ সমাজ কল্যাণ বিভাগে নিৰ্মাণ কৰা এনে চাৰিটা অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।