December 9, 2024 1:16 PM | Akashvani | Jorhat

printer

যোৰহাটৰ টিয়কৰ চিন্তামনি গড় জেলেঙিটুপত পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু

যোৰহাট জিলাৰ টিয়কৰ চিন্তামনি গড় জেলেঙিটুপত যোৱা নিশা সংঘটিত পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু হয়। মটৰ চাইকেলেৰে আহি থকা লোক দুজনে এজোপা গছত খুন্দা মৰাৰ ফলত অভিজিৎ ৰাজখোৱা নামৰ লোকজনৰ থিতাতে মৃত্যু হোৱাৰ উপৰি গুৰুতৰভাৱে আহত বিদ্যুৎ বৰা নামৰ আনজন লোকৰ চিকিৎ‍সালয়লৈ নিয়াৰ পথত মৃত্যু হয়।একেদৰে শিলচৰ-হাফলং সংযোগী ঘাইপথৰ গোঁসাইপুৰত কালি সংঘটিত আন এটা দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।