February 7, 2025 6:42 PM | Akashvani | Jorhat

printer

যোৰহাটত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাইজৰ জীৱিকাৰ বাবে বাঁহ সম্পদৰ বিকাশ শীৰ্ষক প্ৰশিক্ষণ কর্মশালাৰ আজি সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাইজৰ জীৱিকাৰ বাবে বাঁহ সম্পদৰ বিকাশ শীৰ্ষক প্ৰশিক্ষণ কর্মশালাৰ আজি সামৰণি পৰে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অৰ্থ সাহায্যত অনুষ্ঠিত এই প্ৰশিক্ষণত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কৃষি, মীন, ভূমি সংৰক্ষণ, পর্যটন আদি বিভাগ তথা বিভিন্ন প্ৰতিষ্ঠানৰ মুঠ ২৪ গৰাকী বিষয়াই অংশগ্ৰহণ কৰে। এই কৰ্মশালাত দেশৰ বাঁহ উৎপাদন খণ্ডত আলোকপাত কৰাৰ লগতে বাঁহৰ আনুবংশিক উন্নয়ন ব্যৱস্থা, জীৱিকাৰ বাবে বাঁহ, বাঁহ খেতিৰ জড়িয়তে খনিৰ অৱনমিত ভূমিৰ উন্নতি, গৃহ নির্মাণত বাঁহ আদি বিভিন্ন বিষয়ত প্রশিক্ষণ দিয়া হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰশিক্ষাৰ্থীসকলে মাজুলী ভ্ৰমণ কৰি চামগুৰি সত্ৰৰ মুখা শিল্পকলাৰ শৈলী সন্দৰ্ভত পদ্মশ্ৰী সন্মানেৰে সন্মানিত মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীৰ সৈতে মত-বিনিময় কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।