যোৰহাট জিলাৰ টীয়ক ভগামুখত আজি পুৱতি আৰক্ষীৰ এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত হোৱা দুৰ্ঘটনাত এজন আৰক্ষী বিষয়া থিতাতে মৃত্যু হয়। দুর্ঘটনাত মৃত্যু হোৱা আৰক্ষী বিষয়াজন ভগামুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰ বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত একেখন আৰক্ষী চকীৰে ৫ গৰাকী আৰক্ষীসহ উপ-পৰিদৰ্শক মৰমী নাথ গুৰুতৰভাৱে আহত হয়। আহত আটাইকেইজন আৰক্ষীকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
ডিব্ৰুগড় জিলাৰ চাবুৱা থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত এটা দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হয়। দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত কৌশিক শইকীয়া আৰু উচ্ছজিত শইকীয়া নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। এই শোকাৱহ দুৰ্ঘটনাটোৰ পাছত অঞ্চলজুৰি শোকৰ ছাঁ পৰে ।
ইপিনে যোৱানিশা কাছাৰ জিলাৰ ধলাইৰ লায়লাপুৰত সংঘটিত এটা দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজন ফ্রেন্স নগৰৰ অপু দাস বুলি জানিব পৰা গৈছে। এখন দ্রুতবেগী পিকআপ ভানে দুচকীয়া বাহনত আহি থকা অৱস্থাত অপু দাস নামৰ যুৱকজনক খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
Site Admin | October 2, 2025 1:16 PM | Accident
যোৰহাটত হোৱা দুৰ্ঘটনাত এজন আৰক্ষী বিষয়াৰ থিতাতে মৃত্যু
