যোৰহাটত অনুষ্ঠিত ২০২৪-২৫ বৰ্ষৰ কৃষক মেলাৰ উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্রহণ

কৃষি মন্ত্ৰী অতুল বৰাই কালি যোৰহাটত ২০২৪-২৫ বৰ্ষৰ কৃষক মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰদৰ্শনীদ্বাৰ মুকলি কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কৃষক আৰু কৃষি উদ্যমীসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বাংগীন উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কৃষি বিভাগে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা সম্পৰ্কে উল্লেখ কৰে। অসমৰ কৃষিখণ্ডৰ ৰূপান্তৰৰ যাত্ৰাক এই মেলাই নতুন গতি দিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে জিলাখনৰ নৱজাগৰণ মহিলা উৎপাদক কোম্পানীৰ জাগৃতি নামৰ এটা ব্ৰেণ্ড মুকলি কৰে। এই অনুষ্ঠানত কৃষিৰ লগতে ইয়াৰ সৈতে জড়িত খণ্ডসমূহলৈ অনবদ্য বহুগৰাকী কৃষকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদুৎ চন্দন ডেকা, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।