ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে যোধপুৰ বায়ুসেনা কেন্দ্ৰত চলি থকা তৰংগ শক্তিৰ দ্বিতীয় পৰ্যায়ৰ অনুশীলন কার্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে এই অনুশীলনৰ উদ্দেশ্য হৈছে – দেশৰ সামৰিক সামর্থ্যৰ প্ৰদৰ্শন আৰু অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰা। দেশৰ ক্ৰমবৰ্ধমান সামৰিক শক্তিৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বে ভাৰতে প্ৰতিৰক্ষা সঁজুলি আমদানি কৰিছিল যদিও এতিয়া প্ৰতিৰক্ষা সামগ্রী বিশ্বৰ ৯০ খন দেশলৈ ৰপ্তানি কৰিব পৰা হৈছে। তেওঁ কয় যে দেশৰ প্ৰয়োজন অনুযায়ী প্ৰতিৰক্ষা সঁজুলি প্রস্তুত কৰাৰ লগতে বন্ধুত্বপূৰ্ণ দেশৰ সৈতে উচ্চ প্রযুক্তি বিদ্যাৰ সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি পাইছে। উল্লেখযোগ্য যে বিভিন্ন দেশৰ যুদ্ধ বিমানে এই তৰংগ শক্তি অনুশীলনত অংশ লৈছে। এই অনুশীলনৰ সময়ত ভাৰতীয় বায়ুসেনাই ভাৰতীয় প্ৰতিৰক্ষা বিমান পৰিবহণ প্ৰদৰ্শনী আই ডি এ এক্স-২৪ৰো আয়োজন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই প্ৰদৰ্শনীৰ উদ্বোধন কৰে। প্ৰদৰ্শনীত বিভিন্ন প্ৰতিৰক্ষা সামগ্ৰী আৰু প্ৰযুক্তি আদিৰ প্ৰদৰ্শন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।