যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙাইগাঁও জিলাৰ যোগীঘোপাত কালি উদ্বোধন কৰা আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে শ্রীমোদীয়ে এই প্রকল্পক ঐতিহাসিক বুলি অভিহিত কৰি আগলৈ ই আন্তঃগাঁথনি উন্নয়ন তথা আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ বিকাশ আৰু অগ্ৰগতিত যথেষ্ট অৰিহণা যোগাব আশা প্ৰকাশ কৰে। আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি যোগীঘোপাত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা বিশিষ্ট ব্যক্তি উপস্থিতিত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ উদ্যোগত যোগীঘোপাৰ নৰনাৰায়ণ সেঁতুৰ কাষত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ১৫ একৰ ভূমি সামৰি এই টার্মিনেলটো নিৰ্মাণ কৰা হৈছে। ৮২ কোটি টকা ব্যয় সাপেক্ষ টার্মিনেলটোৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে। ভূটানৰ গেলেফুৰ পৰা ৯১ কিলোমিটাৰ, বাংলাদেশ সীমান্তৰ পৰা ১০৮ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা ১৪৭ কিলোমিটাৰ নিলগত অৱস্থিত এই টার্মিনেলটো মুকলি হোৱাৰ পাছত যোগীঘোপা আৰু বাংলাদেশৰ মাজত জাহাজ চলাচল কৰা হ’ব। ইয়াৰ জৰিয়তে ভাৰত, চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ মাজত জল পথেৰে বাণিজ্য সহজ আৰু সুলভ হৈ পৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।