ডাউনলোড
মোবাইল এপ

android apple
signal

যুৱচামক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্তৰ উদ্দেশ্যে পঞ্জাব চৰকাৰৰ ২০০ গৰাকী মনোৰোগ বিশেষজ্ঞ নিয়োগৰ সিদ্ধান্ত

পঞ্জাব চৰকাৰে ৰাজ্যখনত যুৱচামক ড্ৰাগছৰ আসক্তিৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে যাৱতীয় সহযোগিতা আৰু পৰামৰ্শ প্ৰদানৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২০০ গৰাকী মনোৰোগ বিশেষজ্ঞ নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। পঞ্জাব চৰকাৰে ৰাজ্যখনৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ বাবে আৰম্ভ কৰা য়ুধ নাছিয়ান বিৰুধ অর্থাৎ ড্ৰাগছৰ বিৰুদ্ধে যুঁজ কাৰ্যসূচীৰ উপ-সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে ড্ৰাগছৰ ওপৰত নিৰ্ভৰশীল ৰোগীসকলক পাৰ্যমানে মানসিক আৰু আৱেগিক সমৰ্থন প্রদানেৰে তেওঁলোকক এই আসক্তিৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰা হ’ব। মনোৰোগ বিশেষজ্ঞসকলক ৬মাহৰ বাবে নিযুক্তি দিয়া হ’ব। ৰাজ্যখনৰ বিত্ত মন্ত্ৰী হৰপাল সিং ছেমাই কয়, যে এনে ৰোগীসকলৰ চিকিৎসাৰ বাবে চৰকাৰী হাস্পতাল আৰু ড্ৰাগছ আসক্তি নির্মূলকৰণ কেন্দ্ৰসমূহত বিছনাৰ সংখ্যা বৃদ্ধিকে ধৰি অন্যান্য প্রাথমিক ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক