কেন্দ্ৰীয় চৰকাৰে বিমান কোম্পানীসমূহক যাত্ৰীৰ সুবিধাৰ বাবে থকা সকলো নিয়ম কঠোৰভাৱে পালন কৰিবলৈ আৰু ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পোৱাৰ ফলত বিমানৰ উৰণত অসুবিধাই দেখা দিলে, যাত্ৰীসকলৰ সুবিধাৰ্থে পৰ্যাপ্ত কৰ্মচাৰী থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত কালি এখন জাননী জাৰি কৰি অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে কয়, যে কুঁৱলীজনিত কাৰণত বিমানৰ উৰণত বিলম্ব হ’লে যাত্রীসকলক প্রয়োজনীয় সকলো সুবিধা প্রদান কৰিব লাগিব। মন্ত্ৰ্যালয়ে বিবৃতিটোত কয়, যে যাত্ৰীসকলক বিমান উৰণ সন্দৰ্ভত শেহতীয়া তথ্য প্ৰদান কৰাৰ লগতে অপেক্ষাৰ সময়ছোৱাত খাদ্যৰ যোগান ধৰিব লাগিব। বিমান উৰণৰ বাবে সকলো প্ৰয়াস চলোৱা পিছতো প্রতিকূল বতৰৰ বাবে যদি উৰণ বাতিল কৰিবলগীয়া হয় বা উৰণত বিলম্ব ঘটে, তেন্তে এই সন্দৰ্ভত যাত্রীসকল স্পষ্টকৈ জনাব লাগিব বুলিও মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে। মন্ত্ৰ্যালয়ে লগতে কয়, যে এনে পৰিস্থিতিত যাত্ৰীসকলৰ প্ৰয়োজনীয় প্ৰাপ্যৰ দিশটোত বিবেচনা কৰিব লাগিব।
কুঁৱলীৰ পৰাৰ সময়ত বিশেষকৈ পুৱতি নিশা আৰু সন্ধিয়াৰ ভাগত বিমান কর্তৃপক্ষই বিমান বন্দৰত প্রয়োজনীয় সংখ্যক কৰ্মচাৰী মজুত ৰখাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
মন্ত্রালয়ে লগতে কয়, যে সংযোগী বিমান, মালবস্তুৰ চোৱাচিতা আৰু সংগীবিহীন নাবালকৰ যত্ন লোৱা দিশসমূহো বিমান কর্তৃপক্ষই নিশ্চিত কৰিব লাগিব।
Site Admin | December 20, 2025 12:09 PM | Civil Aviation - Government
যাত্ৰীৰ সুবিধাৰ বাবে বিমান কোম্পানীসমূহলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ