December 7, 2024 8:05 PM | homen borgohain

printer

যশস্বী সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ আজি ৯৩ সংখ্যক জন্মবার্ষিকী

যশস্বী সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞিৰ আজি ৯৩ সংখ্যক জন্মবার্ষিকী। এই উপলক্ষে বিশিষ্ট কথাশিল্পীগৰাকীলৈ শ্ৰদ্ধা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সমাজ জীৱনলৈ তেওঁ আগবঢ়োৱা অৱদান প্ৰতিজন অসমীয়াই চিৰদিন মনত ৰাখিব বুলি সামাজিক মাধ্যমযোগে অৱগত কৰে। উল্লেখযোগ্য যে প্রথিতযশা সাহিত্যিকগৰাকীৰ ওপজা দিনতে ৰাজ্য চৰকাৰে ২০২৪ বৰ্ষৰ সাহিত্যিক পেন্সন আৰু বঁটা লাভ কৰা সাহিত্যিকসকলক সম্বর্ধনা জনায়। উচ্চ শিক্ষা বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰা কাৰ্যসূচীটোত ৩১ গৰাকী বিশিষ্ট সাহিত্যিকলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ উপস্থিতিত এই সন্মান আগবঢ়োৱা হয়। অনুষ্ঠানত শিক্ষামন্ত্রী ডা০ ৰণোজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্ত, শিক্ষা উপদেষ্টা ড০ দেৱব্ৰত দাসকে ধৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।