যশস্বী বাঁহীবাদক, লোকসংগীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ চতুৰ্থ মৃত্যু বার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। ষষ্ঠ দশকতে বাঁহীৰে অগণন শ্রোতা-দর্শকক মুগ্ধ কৰা প্ৰভাত শৰ্মাই বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাকে ধৰি বহু শিল্পীৰ গীতত বাঁহীৰ সুৰ তুলিছিল। থলুৱা বাদ্যযন্ত্ৰক লৈ শিল্পীগৰাকীয়ে গঠন কৰা পাঞ্চজন্য শংখধবনি নামৰ অৰ্কেষ্টা দলটো পাছত দেৱগান্ধাৰ নামেৰে নামকৰণ কৰা হৈছিল। ১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰিছিল। ব্লেকমানি, সন্তান, সন্ধ্যাৰাগ, সাৰথি, আপোনজন, অনল, কদম তলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰদেৱ আদি ছবিৰ সংগীত পৰিচালনা কৰা প্ৰয়াত শৰ্মাই দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পথৰুঘাটে ৰিঙিয়ায় আৰু বৃকোদৰ বৰুৱাৰ বিয়া ধাৰাবাহিকৰ সংগীত পৰিচালনা কৰিছিল। শিল্পীগৰাকীয়ে অসমীয়া লোকসংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০২১ চনৰ ২ মাৰ্চত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ প্ৰাক্তন ষ্টাফ আর্টিষ্ট প্রভাত শৰ্মাৰ মৃত্যু হৈছিল। শিল্পীগৰাকীৰ পূণ্য তিথি উপলক্ষে আজি মুখ্যমন্ত্রী ড০ শৰ্মাই গভীৰ শ্ৰদ্ধা নিবেদন কৰি দিয়া এটা বাৰ্তাত শিল্পীগৰাকীক লোকসংগীতৰ নিৰলস সাধক বুলি অভিহিত কৰে। শিল্পীগৰাকীৰ অৱদান প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
Site Admin | March 2, 2025 9:07 PM | Folksinger Pravat Sarma
যশস্বী বাঁহীবাদক, লোকসংগীতৰ আজীৱন সাধক প্ৰভাত শৰ্মাৰ চতুৰ্থ মৃত্যু বার্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন