December 21, 2025 8:08 PM | Deepali Borthakur

printer

যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ পূণ্য তিথি উপলক্ষে ৰাজ্য়বাসীৰ শ্রদ্ধা নিবেদন

সুবদী কণ্ঠৰ এমুঠি কালজয়ী গীতেৰে শতসহস্র শ্রোতা জনতাক মুগ্ধ কৰি যোৱা যশস্বী কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ আজি পূণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰা হৈছে।

১৯৫৭ চনতে আকাশবাণী গুৱাহাটী যোগে দীপালী বৰঠাকুৰৰ কণ্ঠত লীলা গগৈয়ে ৰচনা কৰা মোৰ বোপাই লাহৰি শীৰ্ষক গীতটি প্ৰচাৰ হৈছিল। ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা সুৰ তথা লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাৰে মুক্তি লাভ কৰা চলচ্চিত্ৰত শিল্পীগৰাকীয়ে নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰে। ৰুদ্ৰ বৰুৱা, ভবেন বৰঠাকুৰ, কমল হাজৰিকা, মুক্তিনাথ শৰ্মা বৰদলৈ আৰু ড° নিৰ্মলপ্ৰভা বৰদলৈকে ধৰি কেইবাগৰাকীও স্বনামধন্য গীতিকাৰ আৰু সুৰকাৰে সুৰ সংযোজন কৰা কেইটিমান অন্তস্পর্শী গীতেৰে সকলোৰে হৃদয় জয় কৰা শিল্পীগৰাকী জটিল ৰোগত আক্ৰান্ত হোৱাৰ পাছৰে পৰা সংগীতৰ ক্ষেত্ৰখনৰ পৰা আঁতৰি থাকিলগীয়া হয়। ১৯৭৬ চনত খ্যাতনামা চিত্রশিল্পী নীলপৱন বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰ পৰিক্ৰমাত দুয়োগৰাকী শিল্পীৰ গভীৰ সান্নিধ্যই সকলোকে উদ্বুদ্ধ কৰে। পদ্মশ্রী সন্মান আৰু অসম চৰকাৰৰ শিল্পী বঁটা তথা আইদেউ সন্মানেৰে সন্মানিত শিল্পীগৰাকীৰ ২০১৮ চনৰ ২১ ডিচেম্বৰত দেহাৱসান ঘটে। কোকিল কণ্ঠৰ প্ৰতিটো গীতেৰে তেওঁ পৰৱৰ্তী প্রজন্মৰো হৃদয় জিনি থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।