যক্ষ্মামুক্ত ভাৰত গঢ়াৰ বাবে সকলোৱে একগোট হৈ কাম কৰিবলৈ আহ্বান মন্ত্ৰী জে পি নাড্ডাৰ

২০২৭ চনৰ ভিতৰত যক্ষ্মামুক্ত ভাৰত গঢ়াৰ বাবে সকলোৱে একগোট হৈ কাম কৰিব লাগিব। নতুন দিল্লীত মধ্যপ্ৰদেশ আৰু চণ্ডীশগড়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই এইদৰে প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দৰৱ নিয়ন্ত্ৰণ আৰু দৰৱৰ যোগান শৃংখলত গুৰুত্ব আৰোপ কৰে। দুয়োখন ৰাজ্যকে যোগান শৃংখল শক্তিশালী কৰি বিনামূলীয়া দৰৱৰ লগতে বিনামূলীয়া ৰোগ নিৰ্ণয়ৰ বাবে আঁচনি গ্ৰহণ কৰিবলৈও আহ্বান জনায়। তেওঁ ৰোগ নিৰ্ণয় স্বাস্থ্যসেৱাৰ মেৰুদণ্ড বুলি উল্লেখ কৰি প্ৰাথমিক, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ ৰোগ নিৰ্ণয় সেৱাসমূহ শক্তিশালী কৰাটো জৰুৰী বুলি উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ব্লাড বেংক, হাস্পতালৰ বিভিন্ন দিশ আৰু সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। যক্ষ্মা ৰোগ নিৰ্মূল সন্দৰ্ভত শ্ৰীনাড্ডাই কয়, যে পৰীক্ষা, পুষ্টি আৰু সঠিক সময়ত ৰোগ নিৰ্ণয় প্ৰক্ৰিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰে। বৈঠকত জনস্বাস্থ্য সুৰক্ষিত কৰা ৰোগীৰ সন্তুষ্টি উন্নত কৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচী ত্বৰান্বিত কৰা আদি বিষয়ত গুৰুত্ব আৰোপ কৰা হয় ।