■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মৰিছাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগোলামৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীক বাৰাণসী বিমান বন্দৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আদৰণি জনায়।
১৬ ছেপ্তেম্বৰ পৰ্যন্ত ভাৰত ভ্ৰমণলৈ অহা মৰিছাচৰ প্ৰধানমন্ত্ৰীগৰাকী কালি সন্ধিয়া বাৰাণসীত উপস্থিত হয়। বাৰাণসীত উপস্থিত হোৱাৰ পাছত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলে তেওঁক আদৰণি জনায়। যোৱা মাৰ্চত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰিছাচ ভ্ৰমণৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী ৰামগুলামক এই ভাৰত যাত্ৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ মৰিছাচ ভ্ৰমণৰ সময়ত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোচনাত মিলিত হৈছিল। বাৰাণসীত দুয়োগৰাকী নেতাৰ মাজত হ’বলগীয়া দ্বিপাক্ষিক আলোচনাত অংশীদাৰিত্ব শক্তিশালী কৰা সামৰ্থ বিকাশত বিশেষ গুৰুত্ব দি সহযোগিতাৰ সকলো দিশ সামৰি পৰ্যালোচনা কৰিব। দুয়োগৰাকী নেতাই স্বাস্থ্য, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, শক্তি, আন্তঃগাঁথনি আদিৰ লগতে নৱীকৰণযোগ্য শক্তি, ডিজিটেল আন্তঃগাঁথনি আদিৰ ক্ষেত্ৰত সহযোগিতা অধিক বৃদ্ধি কৰাৰ বিষয়ত আলোচনা কৰিব ।
ইয়াৰ পাছত সন্ধিয়াৰ ভাগলৈ প্ৰধানমন্ত্ৰী মোদীয়ে বিমানেৰে উত্তৰাখণ্ডৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পর্যবেক্ষণ কৰিব ।
Site Admin | September 11, 2025 3:52 PM | Akashvani | Akashvani News | narendra modi | PMO Modi
মৰিছাছৰ প্ৰধানমন্ত্রী নবীন চন্দ্ৰ ৰামগোলামৰ সৈতে দ্বিপাক্ষিক আলোচনা প্ৰধানমন্ত্ৰী মোদীৰ
