ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 4, 2024 6:52 PM | Morigaon

printer

মৰিগাঁৱত সশস্ত্র সীমাবলৰ স্বেচ্ছামূলক ৰক্তদান শিবিৰ

মৰিগাঁও সশস্ত্র সীমাবলৰ ছাউনীত ১ নম্বৰ বেটেলিয়নৰ উদ্যোগত এটা স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। সশস্ত্ৰ সীমাবলৰ মৰিগাঁৱত থকা বি কোম্পানী, মৰিগাঁও অসামৰিক চিকিৎসালয় আৰু মৰিগাঁও আৰক্ষীৰ লগতে স্থানীয় জনসাধাৰণৰ প্ৰচেষ্টাত এই ৰক্তদান শিবিৰটো অনুষ্ঠিত হয়। শিবিৰত প্ৰায় ৩০জন লোকে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰে। ৰক্তদান বিষয়ত সজাগতা সৃষ্টিৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত পর্যাপ্ত পৰিমাণৰ ৰক্ত মজুত কৰি ৰাখিবৰ বাবে এই শিবিৰটোৰ আয়োজন কৰা হৈছিল বুলি উদ্যোক্তাসকলৰ তৰফৰ পৰা মৰিগাঁও জিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিছে।  আনহাতে, মৰিগাঁও জিলাৰ সদৰ বিহুতলীত এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি এদিনীয়া বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰৰ আয়োজন কৰা হয়। ডাঃ সত্যম বিশ্বাসৰ নেতৃত্বত বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰটোত অৰ্দ্ধশতাধিক ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰা হয়।