December 1, 2025 8:28 PM | pocso morigaon

printer

মৰিগাঁৱত ধৰ্ষণৰ অপৰাধত অভিযুক্ত তিনিজন লোকক ২০ বছৰ সশ্ৰম কাৰাদণ্ড পকছ’ আদালতৰ

মৰিগাঁৱৰ পকছ’ আদালতে ধৰ্ষণৰ অপৰাধত অভিযুক্ত তিনিজন লোকক আজি দোষী সাব্যস্ত কৰি ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। লোক কেইজন মৰিগাঁও জিলাৰ মিকিৰভেটাৰ ৰাজীবুল হক, মান্নান আলী আৰু চমেড আলী বুলি আমাৰ সংবাদদাতাই জনাইছে। এই লোক কেইজনে যোৱা বছৰৰ আগষ্টত মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত এগৰাকী কিশোৰীক প্রলোভনেৰে গুৱাহাটীলৈ নি নির্যাতন চলাইছিল। ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত মিকিৰভেটা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত চলায়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্তৰ প্ৰতিবেদন আৰু অভিযোগনামা মৰিগাঁও পকছ আদালতত দাখিল কৰে। তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত আদালতে লোক কেইজনক দোষী সাব্যস্ত কৰি শাস্তি বিহে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।