ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শর্মাই মৰিগাঁও জিলা পুথিভড়াল প্রেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰশিক্ষণৰ আজি শুভাৰম্ভণি কৰে। জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত আয়োজিত প্রশিক্ষণ অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে ডিজিটেল শস্য সমীক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ জৰিয়তে কৃষক কেনেদৰে উপকৃত হ’ব সেই বিষয়ত সকলো কথা নিয়াৰিকৈ আলোচনা কৰিবলৈ আহ্বান জনায়।