মৰিগাঁও জিলাৰ মায়ঙত গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু

মৰিগাঁও জিলাৰ মায়ঙত আজি পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। অঞ্চলটোৰ হাদুক দলঙৰ সমীপত সংঘটিত এই ঘটনাত মৃত্যু হোৱা লোকজন ৩৫ বছৰীয়া ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে। লোকজনে ডিমৰীয়াৰ কচুতলিৰ পৰা উচ্ছেদ হোৱা নিজৰ বাসগৃহ সা-সামগ্রী কঢ়িয়াই নিয়া বাহনখনৰ পিছে পিছে মটৰ চাইকেলেৰ মায়ঙৰ গছবাৰী চৰলৈ গৈ থকা অৱস্থাতে গঁড়টো আক্রমণ কৰে। ফলত লোকজন থিতাতে নিহত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।