ম্যানমাৰৰ স্বাধীনতা দিৱস উপলক্ষে ১৮০জন বিদেশী লোক, প্ৰায় ৬ হাজাৰ কয়দীক মুকলি

ম্যানমাৰৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ সামৰিক চৰকাৰে ক্ষমাদান ব্যৱস্থাৰ অংশস্বৰূপে ১৮০জন বিদেশী লোককে ধৰি প্ৰায় ৬ হাজাৰ কয়দীক মুকলি কৰি দিব। ইয়াৰ উপৰি গণ ক্ষমাদান ব্যৱস্থাৰ অংশ হিচাপে অন্যান্য কয়দীৰ শাস্তিও হ্ৰাস কৰা হৈছে। এই কয়দীকলক দোষী সাব্যস্ত কৰাৰ কাৰণ নাইবা মুক্তিৰ পাছত স্বদেশলৈ পঠিয়াবলগীয়া বিভিন্ন দেশৰ কয়দীসকল কোন ৰাষ্ট্ৰৰ সেই বিষয়ে সেনাই সবিশেষ তথ্য দিয়া নাই। মানৱীয় দৃষ্টিভংগী আৰু সহানুভূতিৰে এই ক্ষমাদানৰ সিদ্ধান্ত লোৱা বুলি সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰে। উল্লেখযোগ্য যে ম্যানমাৰৰ জুন্টাত এতিয়াও কাৰাগাৰত বন্দী হৈ থকাসকলৰ ভিতৰত দেশখনৰ প্ৰাক্তন নেত্রী,নোবেল বঁটাৰে সন্মানিত আং ছান চ্যু কীও আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।