ডাউনলোড
মোবাইল এপ

android apple
signal

ম্যানমাৰৰ সুৰক্ষা আৰু শান্তি আয়োগৰ অধ্যক্ষ জ্যেষ্ঠ জেনেৰেল মীন আং হ্লাইঙক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাগ লোৱাৰ সুযোগতে ম্যানমাৰৰ সুৰক্ষা আৰু শান্তি আয়োগৰ অধ্যক্ষ জ্যেষ্ঠ জেনেৰেল মীন আং হ্লাইঙক সাক্ষাৎ কৰে। বৈঠকত শ্রীমোদীয়ে কয়, যে ভাৰতে চুবুৰীয়া নীতি প্রথম, এক্ট ইষ্ট আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় নীতিৰ অধীনত ম্যানমাৰৰ সৈতে গুৰুত্বপূৰ্ণ সম্বন্ধ ৰক্ষা কৰি আহিছে৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্বন্ধৰ পুনৰীক্ষণ কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ বিশেষকৈ, উন্নয়ন সহযোগিতা, প্ৰতিৰক্ষা আৰু সুৰক্ষা, সীমান্ত ব্যৱস্থাপনা আৰু সীমান্ত বাণিজ্য সম্বন্ধীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ মাজৰ জনসাধাৰণৰ সম্বন্ধ অধিক বৃদ্ধি কৰা আৰু অব্যাহত থকা যোগাযোগ প্রকল্পসমূহৰ অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে, আঞ্চলিক সহযোগিতা বৃদ্ধি কৰি ভাৰতৰ এক্ট-ইষ্ট নীতি বাস্তৱায়িত কৰিব পৰা যায়। শ্ৰীমোদীয়ে ম্যানমাৰৰ সমাগত নির্বাচন শান্তিপূর্ণভাৱে সংশ্লিষ্ট পক্ষই অনুষ্ঠিত কৰিব বুলি আশা প্রকাশ কৰে। শান্তিপূৰ্ণ বাৰ্তালাপ আৰু আলোচনাৰ মাধ্যমেৰে ম্যানমাৰৰ শান্তি প্ৰক্ৰিয়াত ভাৰতে সমৰ্থন কৰে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে ম্যানমাৰৰ প্ৰয়োজনীয় উন্নয়নৰ ক্ষেত্ৰত সহায় কৰিবলৈ ভাৰত সাজু আছে বুলি দোহাৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।